Vedas: The Foundation of Indian Culture and Life

Posted by Anonymous and classified in Psychology and Sociology

Written on in English with a size of 22.49 KB

প্ৰশ্ন: "ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ" কথাষাৰ বহলাই লিখা।

উত্তৰ: বেদক কেৱল ধৰ্মশাস্ত্ৰ বুলি নকৈ সমাজ জীৱনৰ স্পষ্ট নিদৰ্শন বুলি ক'ব পাৰি। বেদ হৈছে প্ৰাচীন ভাৰতীয় অমূল্য ধৰ্মগ্ৰন্থ। ভাৰতীয় সংস্কৃতি মূলতঃ বৈদিক পৰম্পৰাগত সংস্কৃতি।

ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান উচ্চ বুলি বেদৰ ভিত্তিতে নিৰূপণ কৰা হৈছে। ত্যাগৰ মাজেৰে নিৰাসক্ত হৈ কেনেকৈ প্ৰকৃত বৈৰাগ্য জীৱন কটাব পাৰি, সেই বিষয়ে বেদ শাস্ত্ৰসমূহত দেখুওৱা হৈছে। ঋকবেদৰ মন্ত্ৰবিলাকত আৰু ঋষিসকলৰ প্ৰাৰ্থনাত সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতি দেখুওৱা হৈছে।

উপনিষদত আধ্যাত্মিক জীৱনক সুন্দৰ জীৱন বুলি কোৱা হৈছে। কৰ্ম আৰু কৰ্ষণৰ জৰিয়তে এই সুন্দৰ জীৱন লাভ কৰিব পাৰি। কৰ্ম কৰাৰ কৌশলকে পিছত ভগৱদ্গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰা হৈছে। কৰ্মেই যে ধৰ্ম, সেই কথা বেদেই প্ৰকট কৰিছে।

বৈদিক যুগতে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰি আশ্ৰম গঢ়ি উঠিছিল, যি ভাৰতীয় হিন্দুসকলৰ জীৱনৰ আদৰ্শ নিৰূপণ কৰি দিয়ে। প্ৰাচীন ভাৰতীয় সাহিত্যৰ অমূল্য গ্ৰন্থবোৰ হ'ল বেদ, উপনিষদ, পুৰাণ আদি। ঋকবেদ, যজুবেদ, সামবেদ আৰু অথৰ্ববেদ এই চাৰিবিধ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ।

এইদৰে প্ৰাচীন ভাৰতৰ ধৰ্ম-দৰ্শন-সমাজ আদি সকলোবোৰ বেদৰ মাজতহে প্ৰতিফলিত হৈ উঠা দেখিবলৈ পোৱা যায়। সেইবাবে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ।

সত্যম্ শিৱম্ সুন্দৰম্

"সত্যম্ শিৱম্ সুন্দৰম্" এটা সংস্কৃত বাক্য, যাৰ অৰ্থ হ'ল— সত্যই শিৱ (মঙ্গলময়/পবিত্ৰ) আৰু শিৱই সুন্দৰ (সৌন্দৰ্য)। এই বাক্যই পৰম সত্য, পৰম মঙ্গল আৰু পৰম সৌন্দৰ্যক একেলগে বুজায়, যি বিশ্বব্ৰহ্মাণ্ডৰ মূল স্বৰূপ।

  • সত্যম্ (সত্য): ই হ'ল পৰম সত্য বা বাস্তৱ।
  • শিৱম্ (শিৱ/কল্যাণ): ই হ'ল মঙ্গলময়, পবিত্ৰ বা অশুভ বিনাশকাৰী শক্তি।
  • সুন্দৰম্ (সুন্দৰ): ই হ'ল পৰম সৌন্দৰ্য বা আনন্দ, যি সত্য আৰু শিৱৰ পৰা উৎপন্ন হয়।

সংক্ষেপে, এই ধাৰণাটোৱে বুজায় যে যি সত্য, সেয়াই পবিত্ৰ আৰু সেয়াই সুন্দৰ। ই ভগৱান শিৱৰ সৈতে জড়িত এক দাৰ্শনিক বিশ্বাস।

প্ৰশ্ন: কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ।

উত্তৰ: ব্যাখ্যেয় গদ্যফাকি আমাৰ অসমীয়া পাঠ্যপুথি "সাহিত্য সৌৰভ"ৰ অন্তৰ্গত "আনন্দৰাম বৰুৱা" নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে। লেখক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে কৰ্ম সংস্কৃতিয়ে কেনেকৈ মানুহক মহত্ত্বৰ মন্দিৰত উপনীত কৰায়, সেই সন্দৰ্ভত উক্ত কথাষাৰ ব্যক্ত কৰিছে।

আনন্দৰাম বৰুৱাই কৰ্মময় জীৱন অতিবাহিত কৰি আৰু একাগ্ৰতাৰ দ্বাৰা অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। অবিৰামগতিত কাম কৰি তেওঁ আনন্দ পাইছিল। একাগ্ৰতাৰে কাম কৰি কামৰ বাবে তেওঁ প্ৰশংসা বা মান বিচৰা নাছিল। ইয়েই প্ৰকৃত কৰ্মীৰ চিন।

বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰত তেওঁ যিমানবোৰ উচ্চ খাপৰ গ্ৰন্থ প্ৰকাশ কৰিছিল, দেখিলে আচৰিত মানিব লাগে। তেওঁ কঠোৰ কৰ্মশক্তিৰে আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ সংস্কৃত সাহিত্যত পাণ্ডিত্যৰ পৰিচয় দিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্স মুলাৰৰ দৰে লোকেও বিস্ময় মানিছিল।

"কৰ্মহীন হৈ শ বছৰ জীয়াই থকাতকৈ কৰ্মমুখৰ হৈ অলপদিন জীয়াই থকাটোৱেই শ্ৰেয়।" এই বাণী যে আনন্দৰাম বৰুৱাৰ জীৱনেই দেখুৱাই গ'ল।

সেইবাবে 'কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ।'

— Jotrindro Nath Duwara

প্ৰশ্ন: "কি হ'ল; একো কথা নাই— ইয়াৰ কাৰণে অশেষ ধন্যবাদ— ইও যে এটা দান।" কথাষাৰ কোনে, কি প্ৰসংগত কৈছিল? কথাষাৰৰ তাৎপৰ্য লিখা।

উত্তৰ: যেতিয়া মগনিয়াৰজনে কবিৰ ওচৰত কিবা বিচাৰি দুহাত মেলোঁতে কবিয়ে একো দিব নোৱাৰোঁ বুলি নিজৰ অসামৰ্থ্যতা বিনয়েৰে প্ৰকাশ কৰিছিল, তেতিয়া মগনিয়াৰজনে কবিক কথাষাৰ কৈছিল।

এদিন কবিয়ে বাটেৰে গৈ থাকোঁতে এজন মগনিয়াই কবিক আগচি ধৰি কিবা পোৱাৰ আশাহে কবিৰ ফালে দুহাত মেলি দিছিল। কবিৰ হাতো সেই সময়ত একো নাছিল। মগনিয়াৰজনৰ শৰীৰৰ অৱয়ৰ দেখি কবিৰ হৃদয় ব্যথিত হৈ পৰিল। কঁপি থকা দেখি কবিয়ে দুহাতেৰে সাৱটি ধৰিলে আৰু নিজৰ অসামৰ্থ্য বিনয়ভাৱে প্ৰকাশ কৰি ক'লে তেওঁক দিবলৈ কবিৰ হাতো একো নাই। মগনিয়াৰজনে কবিৰ ব্যৱহাৰত সন্তুষ্ট হৈ শেঁতা ওঁঠেৰে হাঁহিলে আৰু ক'লে— "একো কথা নাই— ইয়াৰ কাৰণে অশেষ ধন্যবাদ— ইও যে এটা দান।"

'মগনিয়া' বুলি এইশ্ৰেণী মানুহে সমাজত সদায় অৱহেলা পাই থাকে। কবিৰ পৰা আন্তৰিকতাবোধক কথাষাৰ শুনি হয়তো মগনিয়াৰজন অভিভূত হৈছিল আৰু কিবা এটা পোৱাতকৈ কবিৰ আন্তৰিকতাই মগনিয়াৰজনক সুখী কৰি তুলিছিল। মানুহে সকলো মানুহকে একো দিব নোৱাৰিলেও আন্তৰিকতাবোধ প্ৰকাশ কৰাটো উচিত, সেয়াই কথাষাৰৰ তাৎপৰ্য।

প্ৰশ্ন: অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা।

উত্তৰ: অসমীয়া চলচ্চিত্ৰৰ জনক হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণ কৰিছিল।

তেওঁ জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত 'চিত্ৰবন' নামেৰে ষ্টুডিঅ' এটা সাঁজি তাত জয়মতী ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল। তেওঁ এই ছবিখনৰ সম্পাদনা লাহোৰত কৰে। ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলিকতাৰ 'বাউনাক' প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। তাৰ পাছত একেটা মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তি লাভ কৰে।

প্ৰথম অসমীয়া ছবি হিচাপে জয়মতীৰ প্ৰতি অসমীয়া বাইজৰ আগ্ৰহ আছিল যদিও সা-সুবিধাৰ অভাৱ আৰু ব্যয়বহুলতাৰ বাবে এই ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই বহু টকা লোকচান ভৰিবলগীয়া হৈছিল।

জয়মতীৰ পিছত জ্যোতিপ্ৰসাদে নিজৰ কাহিনীৰে ১৯৩৯ চনত 'ইন্দ্ৰমালতী' নামেৰে দ্বিতীয়খন অসমীয়া ছবি নিৰ্মাণ কৰি উলিয়াইছিল। এই ছবিখনে সফলতা লাভ কৰি জয়মতীৰ লোকচানো পূৰণ কৰিছিল। এই ছবিখন তেওঁ কলকতাৰ 'অৰোৰা' ষ্টুডিঅ'ত নিৰ্মাণ কৰিছিল। ইয়াৰ লগে লগে তেওঁৰ চিত্ৰবন ষ্টুডিঅ' বন্ধ হৈ কলকতাৰ ষ্টুডিঅ'বোৰ অসমীয়া ছবিৰ নিৰ্মাণস্থলী হৈ পৰে।

জয়মতীত আছিল জাতীয় গৌৰৱৰ কাহিনী আৰু ইন্দ্ৰমালতীত আছিল স্বাধীনতা আন্দোলনৰ ছবি। যি সময়ত অসমত ছবি নিৰ্মাণৰ বাবে সা-সুবিধা নাছিল, সেই সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাই ছবি নিৰ্মাণ কৰি অসমীয়া জাতিক অৱদান দি থৈ গ'ল।

প্ৰশ্ন: 'অসম হস্তীপ্ৰধান দেশ' লেখকে কি প্ৰসংগত এই কথাষাৰ কৈছে?

উত্তৰ: লেখকে পুৰণি অসমৰ সমাজ ব্যৱস্থা আৰু শাসন ব্যৱস্থাত হাতীৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰিবলৈ উক্ত কথাষাৰ অৱতাৰণা কৰিছিল।

প্ৰাচীন অসম এখন হস্তীপ্ৰধান দেশ আছিল। ইয়াৰ হাবি-জংঘল, পৰ্বত-পাহাৰত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল। বনৰীয়া হাতী ধৰি আনি বিভিন্ন উপায়েৰে তাক বশ কৰা হৈছিল আৰু এনে হাতী ঘৰচীয়া কৰা হৈছিল। তেতিয়া সম্ভ্ৰান্ত শ্ৰেণীৰ লোকৰ ঘৰত হাতী ৰখাটো নিয়ম আছিল।

সভা-সমৰোহ, বিয়া-বাৰু, যাতায়াত, গধুৰ সামগ্ৰী পৰিবহণ আৰু যুদ্ধ-বিগ্ৰহত হাতী ব্যৱহাৰ কৰা হৈছিল। হাতীৰ বিষয়ে অসমত ভালকৈ জানিছিল খামতি, চিংফৌ, মতাক আদি জনজাতীয় মানুহে। সেইবাবে তেওঁলোকৰ মাজৰ পৰাই সাধাৰণতে হাতীৰ ফান্দি আৰু মাহুত বাছি উলিওৱা হৈছিল।

প্ৰাচীন অসমত হাতীৰ এনে বহল প্ৰচলনৰ বাবে লেখকে অসমক এখন হস্তীপ্ৰধান দেশ হিচাপে অভিহিত কৰিছে।

মাতৃভাষাৰ গুৰুত্ব

১. পাতনি

'মাতৃভাষা' শব্দটোৰ অৰ্থ হ'ল জন্মৰ পিছত এটি শিশুৱে নিজৰ মাকৰ মুখৰ পৰা স্বাভাৱিকতে যি ভাষা শুনে আৰু আয়ত্ত কৰে। মাতৃভাষা কেৱল এটা যোগাযোগৰ মাধ্যম নহয়, ই হ'ল মানুহৰ অস্তিত্বৰ অবিচ্ছেদ্য অংশ। কোৱা হয় যে— "মাতৃ সম মাতৃভাষা, জগতত নাহি কোৱো।" নিজৰ মাতৃভাষাৰ প্ৰতি থকা আদৰ আৰু সন্মানৰ ওপৰত ভিত্তি কৰিয়েই এটা জাতিৰ ভেটি গঢ়ি উঠে।

২. শিক্ষা গ্ৰহণত মাতৃভাষাৰ স্থান

শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মাতৃভাষাৰ ভূমিকা আটাইতকৈ বেছি। শিশু এজনৰ বাবে যিকোনো এটা নতুন বিষয় নিজৰ ভাষাত বুজি পোৱাটো যিমান সহজ, আন ভাষাত সিমান নহয়। আধুনিক শিক্ষাবিদ আৰু মনোবিজ্ঞানীসকলে একমত হৈছে যে প্ৰাথমিক শিক্ষা সদায় মাতৃভাষাতে হ'ব লাগে। ইয়াৰ কাৰণসমূহ হ'ল:

  • মাতৃভাষাই শিশুৰ চিন্তা কৰাৰ শক্তিক উদ্দীপ্ত কৰে।
  • ই ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা শিক্ষাৰ ভীতি আঁতৰ কৰে।
  • ধাৰণা বা Concept বোৰ অধিক স্পষ্টকৈ বুজাত সহায় কৰে।

৩. বৌদ্ধিক আৰু মানসিক বিকাশ

মানুহৰ চিন্তাৰ মাধ্যম হ'ল ভাষা। আমি যেতিয়া কিবা এটা গভীৰভাৱে ভাবো, তেতিয়া আমি আমাৰ মাতৃভাষাতে ভাবো। সেয়েহে, এজন ব্যক্তিৰ বৌদ্ধিক বিকাশৰ বাবে মাতৃভাষাৰ চৰ্চা অপৰিহাৰ্য। মাতৃভাষাত দখল থাকিলে এজন ব্যক্তিয়ে নিজৰ মনৰ ভাৱবোৰ অতি সাৱলীলভাৱে আৰু আত্মবিশ্বাসেৰে প্ৰকাশ কৰিব পাৰে। যিসকলে নিজৰ ভাষাক অৱহেলা কৰে, তেওঁলোকৰ মৌলিক চিন্তাশক্তি প্ৰায়ে সীমিত হৈ পৰে।

৪. সংস্কৃতি আৰু ঐতিহ্যৰ বাহক

মাতৃভাষা এটা জাতিৰ পৰিচয়। ভাষাৰ মাজেৰেই এটা জাতিৰ লোকগীত, লোকসংস্কৃতি, সাধুকথা আৰু ইতিহাস জীয়াই থাকে। আমাৰ পূৰ্বপুৰুষসকলে দি যোৱা জ্ঞানৰ ভঁৰালটো মাতৃভাষাৰ সাহিত্যৰ মাজতেই সংৰক্ষিত হৈ আছে। মাতৃভাষা হেৰাই যোৱা মানে সেই জাতিটোৰ সংস্কৃতি আৰু ঐতিহ্যও বিলুপ্তিৰ পথত আগবঢ়া। সেয়েহে নিজৰ সংস্কৃতি ধৰি ৰাখিবলৈ হ'লে ভাষাটো ধৰি ৰখা অতি প্ৰয়োজন।

৫. আৱেগিক সংযোগ

মাতৃভাষাৰ সৈতে আমাৰ এক জন্মগত আৱেগিক সম্পৰ্ক থাকে। সুখৰ সময়ত আনন্দ প্ৰকাশ কৰিবলৈ হওক বা দুখৰ সময়ত মনৰ বেদনা ব্যক্ত কৰিবলৈ, মাতৃভাষাৰ সমান আপোন আন একোৱেই হ'ব নোৱাৰে। মাতৃভাষাই মানুহৰ মাজত একতা আৰু ভ্ৰাতৃত্ববোধ গঢ়ি তোলে।

৬. বৰ্তমানৰ প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য

বৰ্তমান গোলকীকৰণৰ যুগত ইংৰাজী বা অন্য আন্তঃৰাষ্ট্ৰীয় ভাষাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। কিন্তু অন্য ভাষা শিকাৰ অৰ্থ এইটো নহয় যে আমি নিজৰ মাতৃভাষাক বিসৰ্জন দিব লাগে। বহু সময়ত দেখা যায় যে নতুন প্ৰজন্মই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ গৈ নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক'ব বা লিখিব নোৱাৰা হৈছে। এইটো এটা জাতিৰ বাবে অতি চিন্তনীয় বিষয়।

আমাৰ কৰ্তব্য হ'ল:

  • ঘৰুৱা পৰিৱেশত মাতৃভাষাৰ চৰ্চা কৰা।
  • মাতৃভাষাৰ কিতাপ-আলোচনী পঢ়াৰ অভ্যাস গঢ়ি তোলা।
  • দৈনন্দিন জীৱনত ভাষাৰ বিশুদ্ধতা ৰক্ষা কৰা।

৭. সামৰণি

জাতি একোটাৰ প্ৰাণস্পন্দন হৈছে তাৰ ভাষা। বিশ্বৰ উন্নত দেশসমূহলৈ চালে দেখা যায় যে জাপান, জাৰ্মানী বা ফ্ৰান্সৰ দৰে দেশে নিজৰ ভাষাক সাৰথি কৰিয়েই উন্নতিৰ শিখৰত আৰোহণ কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল— "ভাষাৰ উন্নতি হ'লেহে দেশৰ উন্নতি হ'ব।" গতিকে আমি সকলোৱে আমাৰ মাতৃভাষাক জীয়াই ৰখাৰ সংকল্প লোৱা উচিত, যাতে আমাৰ পৰিচয় বিশ্বৰ দৰবাৰত জিলিকি থাকে।

Related entries: