Assamese Poems and Essays: Harvest, Humanity and Scientific Thinking

Posted by Anonymous and classified in Psychology and Sociology

Written on in English with a size of 19.26 KB

কৰুণতম

'কৰুণতম' নামৰ কবিতাটিত কবি নিৰ্মল প্ৰভা বৰদলৈয়ে আহিনৰ পথাৰৰ গইনা লৈ নিজৰ কৃষক পিতৃ আৰু শিপিনী মাতৃক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অবয়বৰ ফালৰ পৰা সৰু হ'লেও "হাতী মাৰি ভুৰুকাত ভৰোৱাৰ" দৰে বাঙময় ভাষাৰে গাঁৱলীয়া কৃষিজীবী মানুহৰ জীৱনৰ ছবিখন কবিয়ে সফলতাৰে ৰূপায়ণ কৰিছে। কবিয়ে কৃষক পিতৃৰ আলমত আহিনৰ পথাৰত কৃষিজীৱী মানুহৰ যি পৰম ব্যস্ততা তাৰ এটি ইংগিত দিছে। কবিয়ে প্ৰত্যক্ষ কৰিছিল কেনেকৈ আহিন মাহৰ পৰাই কৃষক পিতৃয়ে খেতিৰ প্ৰাৰম্ভিক কাম-কাজত লিপ্ত হৈছিল। সেইদৰে কবিয়ে দেখিছিল তেওঁৰ শিপিনী মাতৃয়ে কেনেকৈ "ছাঁতে শুকুৱা, মুঠিতে লুকুৱা" ফুলাম গামোচা, চাদৰ আদি তাঁতশালত বৈ উলিয়াইছিল। কিন্তু আধুনিকতাৰ ধামখুমীয়াত লাহে লাহে তাঁতশালত বহি গামোচাবোৰ বোৱা শিপিনীৰ সংখ্যা যেন কমি আহিছে। বাহিৰৰ পৰা অহা চালানী অৰ্থাৎ মেচিনত বোৱা গামোচাই বজাৰ ভৰি পৰিছে। বজাৰৰ পৰা ক্ৰয় কৰা গামোচা জাপ ভাঙি ব্যৱহাৰ কৰাৰ সময়ত কবি আনমনা হৈ পৰিছে, মাতৃলৈ মনত পেলাইছে। লগতে কবিয়ে অনুভৱ কৰিছে তেওঁৰ নিজৰ সন্তানে তেওঁক ক'ত বিচাৰি পাব! তেওঁৰ সন্তানে তেওঁৰ স্মৃতিচাৰণ কৰিবলৈ তেওঁ কি থৈ যাব। এনেবোৰ ভাবে কবিক আবেগিক কৰি তুলিছে।

আঘোণৰ কুঁৱলী

'আঘোণৰ কুঁৱলী' কবিতাত গীতিকাৰ, কবি কেশৰ মহন্তই আঘোণৰ পথাৰৰ এটি মন পৰশা চিত্ৰ অংকন কৰিছে। কবিতাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিৰ্ভেজাল প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ, তাৰো সহজ-সৰল প্ৰকাশ ঘটিছে। আঘোণৰ পথাৰ সোণবৰণীয়া ধানেৰে উপচি পৰি অতি মনোমোহা হৈ পৰিছে। দাঁৱনীয়ে মূৰত আকৰ্ষণীয় খোপা বান্ধি হাতত কাচি লৈ লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কেনেকৈ কাটিব লাগিছে, যেন দাঁৱনীয়ে মূৰ তুলি সময় পোৱা নাই। কিন্তু এনে সুন্দৰ পৰিৱেশকো কুঁৱলীয়ে ঢাকি ধৰি একো নমনা কৰি আমনি কৰিছে, তথাপিও দাঁৱনীসকলৰ প্ৰাণচঞ্চল হাঁহি, খিকিন পৰিৱেশত মধুৰতা ঢালিছে। আঘোণৰ কুঁৱলীয়ে নেদেখাকৈ ঢাকি ধনি নকৰাহেঁতেন, 'অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি' তেওঁৰ প্ৰেয়সী সেউতী সেই দাঁৱনীসকলৰ মাজত নেকি হয়তো চাব পাৰিলেহেঁতেন। তথাপি কবিয়ে তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিম গুটিয়া দাঁতে হাঁহি ডাঙৰি বন্ধাৰ লগ বিচাৰি আনন্দতে 'যাঃ' বুলি তেওঁৰ সেই সেউতীজনী কিজানিবা তাত আছেই নোৱাৰিনে। কিন্তু এই সকলোতে আমনি কৰিছে ভকুঁৱলীয়ে ঢাকি ধৰি একোকে নমনা কৰি। আঘোণৰ এই মন পৰশা পৰিৱেশৰ মাজেৰে আকাশেৰে জাকি মাৰি বন হাঁহ উৰি কোনোবা বিললৈ যায়গৈ। সিহঁতৰ কলৰৱ ধ্বনিয়ে আকাশত উকলিৰ ৰাগি লগে লগে কবিয়েও মন-হাঁহ খেদি খেদি বন শেষ কৰিও লগ ধৰিব নোৱাৰে, কাৰণ আঘোণৰ কুঁৱলীয়ে ঢাকি ধৰি নমনা কৰি ৰাখিছে। কুঁৱলীয়ে বাট ভেটি ধৰিছে। আঘোণৰ কুঁৱলীত আঘোণৰ ধাননি, দাঁৱনী লুকাল আৰু সেই দাঁৱনীসকলৰ লগতে সেউতীজনীও হেৰাল, মাথোন থাকি গ'ল সেউতী-ডাঙৰি বান্ধিম বুলি অনা তৰা-জৰীকেইডাল।

জনতাৰ আহ্বান

মূলভাৱঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 'জনতাৰ আহ্বান' কবিতাটিত গণতান্ত্ৰিক চেতনাবোধ সুন্দৰৰূপত প্ৰকাশ কৰিছে। প্ৰগতিশীল আৰু মানৱতাবাদী কবি জ্যোতিপ্ৰসাদ আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ সজাই তুলিবলৈ প্ৰয়াস কৰিছে। ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই পৃথিৱীৰ আকাশে-বতাহে জনতাৰ আহ্বান শুনিবলৈ পাইছে। পৃথিৱীৰ সমগ্ৰ জনতাই পৰিৱৰ্তনৰ আশাত সুন্দৰৰ সাধনাত ষোড়শোপচাৰেৰে আৰাধনাত মগ্ন হৈছে। বোকাত জন্মা মানুহে আজি পদ্মফুলৰ দৰে ফুলি পোহৰ বিলাইছে। পৃথিৱীৰ অন্ধকাৰ বিনাশী মানুহে সৌন্দৰ্যৰ পোহৰ মেলিবলৈ প্ৰয়াস কৰিছে। জনতাৰ আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ.... আকাশ-বতাহ মুখৰিত কৰি তুলিব। বেদধ্বনিত হোৱা আলোকৰ আগমণি মন্ত্ৰ নিশ্চিতভাৱে সাৰ্থক হ'বলৈ আগবাঢ়িছে। কবিয়ে বিশ্বাস কৰিছে যে এদিন জনতাৰ জয় হ'ব, জয় হ'ব জনতন্ত্ৰৰ, জয় হ'ব মানৱতাৰ, শিকলিবদ্ধ মানুহ এদিন স্বতন্ত্ৰ হ'ব, চৌদিশে কেৱল জয় আৰু জয়ৰ মন্ত্ৰ ধ্বনি প্ৰতিধ্বনিত হ'ব। জয় জনতন্ত্ৰ, জয় মানৱতন্ত্ৰ আদি কবিৰ কণ্ঠত ধ্বনিত হৈছে।

মিলন

'মিলন' নলিনীবালা দেৱীৰ এটি দাৰ্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। কবিতাটোৰ দ্বাৰা ৰহস্যবাদৰ ভাবধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ-যন্ত্ৰণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি শোক সন্তপ্ত হৃদয়ত শান্তি পাইছিল। এই দুখ-যন্ত্ৰণাৰ পৰা হাত সাৰিবলৈ পুৱা, গধূলি, নিশা সকলো সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল। কবিৰ মনত ভগৱৎ প্ৰীতিৰ চিন্তা। অন্তহীন মিলনৰ বাসনাত কবিৰ মন উদ্বাউল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়ে পৃথিৱীৰ সকলো বস্তুতে তেওঁ পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পোহৰত কবিয়ে তেওঁকে দেখিবলৈ পায়। গতিকে ভগৱানৰ দৰ্শন লাভ কৰিলেই কবিৰ কামনা-বাসনা পূৰ্ণ হ'ব বুলি কৈছে।

বিশ্বখনিকৰ

'বিশ্বখনিকৰ' নামৰ কবিতাটিত জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে এই বাৰ্তা প্ৰেৰণ কৰিছে যে এই জগতৰ প্ৰতিটো অনু-পৰমাণুতেই পৰম পুৰুষ ভগৱানৰ অস্তিত্ব চিৰবিদ্যমান। আমি আমাৰ চৰ্ম চকুৰে ভগৱানৰ অৱয়ৱ দেখা নাপালেও ভগৱানে তেওঁৰ অদৃশ্য হাতেৰে এই সহগৰা পৃথিৱীখন নিয়ন্ত্ৰণ কৰিছে। জোন, বেলি, তৰা, গ্ৰহ, ভিন্ন ৰঙী গছ-লতিকা, তৰু-তৃণ, এই সকলোবোৰক ভগৱানেই সৃজন, পালন, তথা নিয়ন্ত্ৰণ কৰিছে। কণমানি সন্তান এটি তেজাল ডেকা এটিলৈ ৰূপান্তৰিত হোৱাৰ এই দীঘল পৰিক্ৰমাটো ভগৱানেই নিয়ন্ত্ৰণ কৰিছে, যি সন্তানলৈ পিতৃ-মাতৃয়ে গৌৰৱ অনুভৱ কৰে। ধনী, মানী, গুণী, জ্ঞানী, খেতিয়ক, বুধিয়ক, ধাৰ্মিক, বিধৰ্মী, যোগী, তপস্বী, বাজীকৰ, গোমস্তা, মহাজন, কাম-কৰ্মী, কাৰিকৰ, সাত্বিক, ৰাজসিক, তামসিক আদি দোষ-গুণ, জলচৰ, স্থলচৰ আদি প্ৰাণী, এই সকলোকে নিয়ন্ত্ৰণ কৰাজনেই হ'ল ভগৱান। সেয়ে কবিয়ে ভগৱানক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে।

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা - বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।

উঃ উক্ত কথাফাকি ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা সাহিত্য সৌৰভৰ অন্তৰ্গত 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো' শীৰ্ষক প্ৰবন্ধটোৰ পৰা অনা হৈছে।

বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে যে মুকলি মনৰ অধিকাৰী হ'ব লাগে, তাকে ক'বলৈ গৈ লিখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে।

বিজ্ঞান হ'ল সত্য আৰু যুক্তিৰে প্ৰণালীবদ্ধ আলোচনা আৰু সিদ্ধান্তত উপনীত হ'ব পৰা ব্যৱস্থা। বসন্ত ৰোগ কোনো দেৱী বা অপদেৱতাৰ পৰা সৃষ্টি নহয়। এই ৰোগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয় যে— এই কথা বিজ্ঞানে প্ৰমাণ কৰিছে। বিজ্ঞানীৰ গোটেই পদ্ধতিত মুকলি মনটোৰ অৱদান হ'ল— বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আঁকোৰগোজ হৈ পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। বৈজ্ঞানিক মানসিকতা আঁকোৱালি ল'বলৈ মুকলি মনৰ প্ৰয়োজন। বোপাককাৰ দিনৰ চিন্তাধাৰা, অন্ধবিশ্বাসক ধৰি থাকিলে কোনেও বৈজ্ঞানিক মানসিকতা গঢ়িব নোৱাৰে। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। বিজ্ঞানীসকলে পুৰণা পদ্ধতিত আকোঁৰগোজ হৈ নাথাকি মুকলি মনেৰে নতুন পদ্ধতিৰে সিদ্ধান্ত লৈ সমাজক আগুৱাই নিয়ে। তেওঁলোকে সকলো পূৰ্বৰ বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পৰ্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজায়, পিছত তেনে ঘটনাৰ ওপৰত তথ্য সংগ্ৰহ কৰি সঁচা-মিছা প্ৰমাণ কৰি এটা শুদ্ধ সিদ্ধান্তত উপনীত হয়। বৈজ্ঞানিকসকল নতুন আৰু সঁচাটোক আঁকোৱালি ল'বলৈ সদায় প্ৰস্তুত থাকে।

Q ভাৰতীয় অদৰ্শত বৈৰাগ্য পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।

উঃ বৈৰাগ্য অৰ্থাৎ বিষয় বা ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ প্ৰতি আনুগত্য কৰা আদৰ্শক বৈষয়িক বুলি কয়। বিভিন্ন দিশৰ ক্ষেত্ৰত প্ৰভাৱশালী প্ৰভাৱ বিস্তাৰ কৰিছে। জীৱনৰ কিছুমান অভিজ্ঞতাই মানুহৰ অন্তৰ স্পৰ্শ কৰে। কল্পনাতীত বিষয়সমূহে চিত্তক আনন্দ দিয়ে। জীৱনত সাধাৰণ ঘটনাই কেতিয়াবা গভীৰ প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত আকস্মিক ঘটনাই জীৱনৰ গতি সলনি কৰিব পাৰে। কিছুমান সময়ত মানুহে নিজৰ ভুল বুজি পায়। এই বুজাবুজিয়ে জীৱনক নতুন দিশ দিয়ে। এই ঘটনাই মানুহক সজাগ কৰি তোলে। সময়ৰ লগে লগে মনৰ পৰিৱৰ্তন ঘটে। অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাই হৈছে জীৱনৰ মূল কথা। জীৱনত সংঘটিত ঘটনাবোৰে আমাৰ চিন্তা-ধাৰাত পৰিৱৰ্তন আনে। সেয়ে জীৱনৰ প্ৰতিটো ঘটনাই আমাৰ বাবে তাৎপৰ্যপূৰ্ণ। মানুহে নিজৰ ভুল শুধৰাই ল'ব লাগে। জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। আত্মবিশ্বাস আৰু ধৈৰ্য থাকিলে মানুহে যিকোনো বাধা অতিক্ৰম কৰিব পাৰে। জীৱনৰ সঠিক দিশ নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত অভিভাৱকৰ উপদেশ আৰু শিক্ষকৰ দিহা-নিৰ্দেশ অতি গুৰুত্বপূৰ্ণ।

Related entries: